Gajari: the Best of Indian Jokes: ঋতুৰাজৰ কৌতুক

December 06, 2022

ঋতুৰাজৰ কৌতুক

 ৰমেনৰ মগজত এইকেইদিন সেইটো বিজিনেছ আইডিয়াই দৌৰি আছে ৷ মানে এক্কেবাৰে হাই লেভেলৰ বিজনেছ ৷ লাক ভাল থাকিলে বছৰতে কোটিপতি ৷বেয়া থাকিলে অন্তত লাখপতিতো হব্বই হব্ব ৷ এই টাউনতে থকা দীপকৰ পৰাই সি আইডিয়াটো পাইছে ৷ এক্কো প্ৰব্লেমেই নাই ৷মাত্ৰ এটা এন্ড্ৰইড ফোন লাগে ৷ আম্বানীৰ কৃপাত দিনে ডেৰ জিবি পোৱা যায়েই ৷

সি খবৰটো ৰাতুলকো দিওঁ- বুলি দুচকীয়াখন ৰাতুলৰ ঘৰৰ ফালে পোনাই ল'লে ৷
সৌটো ৰাতুল! আগফালে চকীৰ ওপৰত ঠেং তুলি মোবাইল টিপাত বিজি ৷ নিশ্চয় পাবজি ন'হলে ফ্ৰী ফায়াৰ বা ফেচবুকৰ মাজতে ভুমুকি মৰা ৰীল চাই চাই মচগুল ৷
ৰমেনে বাইকৰ ওপৰৰ পৰা চিঞৰ ধৰিলে - " ঐ ৰাতুল! ৰাতুল! "
নাই, লাভ নাই ৷ এনেকে চিঞৰি মতাতো বাদেই গাৰ কাষত হাতী বাগৰিলেও তেখেতে গম নাপায়, কাণত সৈ দুটা ঠিলা লাগি আছেই ৷ তাতে চাগে ফুল ভলিউম ৷
ৰমেনে বাইকৰ পৰা নামি গৈ ৰাতুলক জোকাৰি দিলেগৈ ৷
ঐ মৰা! ডাইৰেক্ট জোকাৰিছহি যে ?? কিহে পাইছে হা ?
-- দিনটো যে এইচটা টিপি টিপি বহি থাক কি পাৱ ঔ? কি লাভডাল হয় হা! এইটোৰ পৰাই বহুত শিকিব পাৰি ৷ --- শিক জানো ? ৰীল হে চাৱ!
শুন এটা মজ্জা বিজনেছ আইডিয়া পাই আহিছো ৷ পটককৈ বুজি পাবলে অলপ দিকদাৰ, কিন্তু বহ্হউউউউট প্ৰফিট ৷ মানে ভাবিবই নোৱাৰ ৷ যোৱা একসপ্তাহ ইউটিউবত এইটো বিজনেছৰ কথাকে চাই আছিলো ৷ একদম মাৰ্ভেলাচ কাৰবাৰ ৷ মাত্ৰ এটা এন্ড্ৰইড ফোন লাগে ৷ বাকী ইন্টাৰনেটতো নালাগিলেও চব্বকে ডেৰ জিবি কে আম্বানীয়ে দিয়েই আছে জবৰদস্তি ৷ গতিকে তোক কৈছো, লাগি যা ৷ ডিটেইলচ ৰাতি তোক হোৱাটচএপত দি আছো ৷ লাভ ন'হলে মোৰ নামক কুকুৰ পুহিবি অ' ৷

( দুমাহ মানৰ পাছত)

-- ঐ ৰাতুল ৷ এইটো কুকুৰ পোৱালী তই আনিছ নেকি ?? বৰ মৰমলগা ঔ ৷ কি নাম ৰাখিছ ??
"ৰমেন " - ৰাতুলে গহীনাই উত্তৰ দিলে৷
_________________________________________
কৌতুক, Joke, Assamese, Internet Meme, indian jokes, অসমীয়া

No comments:

Post a Comment

Liked it? Please share with your friends.